NORTHEAST NOW (Assamese)
অসম

অসমৰ আৰু ১১ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 10:16 pm
Covid death toll in Assam reaches 930

আৰু ১১গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৮৬গৰাকী ক’ভিড ৰোগীয়ে মঙলবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত মঙলবাৰলৈকে মুঠ ১,৩০,৯৪৭গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত মঙলবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৬১,৩৯৩লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।