NORTHEAST NOW (Assamese)
অসম

অধিনায়ক বিৰাট কোহলীক ১২ লাখ টকাৰ জৰিমনা আই পি এল কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2020 3:23 pm

বৃহস্পতিবাৰে ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত বেংগালুৰু আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে বিৰাট কোহলীক ১২ লাখ টকাৰ জৰিমনা বিহিছে।

বেংগালুৰু দলে ২০ অভাৰ শেষ কৰিবলৈ নিৰ্ধাৰিত সময়তকৈ অধিক সময় লৈছিল আৰু সেই বাবেই কোহলীক জৰিমনা বিহা হয়।

আই পি এল কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দি কয় যে আই পি এলৰ নূন্যতম অভাৰ গতি উলংঘন কৰাৰ বাবে কোহলীক ১২ লাখ টকা জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰি লীগৰ নিয়ম মতে দলে যদি এই ভুল পুনৰ কৰে তেন্তে অধিনায়কক এখন বা দুখন মেচৰ পৰা নিলম্বন কৰিব।

উল্লেখ্য যে বৃহস্পতিবাৰৰ মেচখনত পঞ্জাৱ দলে বেংগালুৰু দলক ২০৭ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও আৰ চি বিয়ে মাত্ৰ ১০৯ ৰানতে ইনিংছ সামৰাত মেচখন পঞ্জাৱে ৯৭ ৰানত জয়লাভ কৰে।

কালিৰ মেচখন কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। কিয়নো মেচখনত ৰাহুলে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।