NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 25, 2020 3:53 pm

কাজিৰঙাত এটা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ চক্ৰক যোৱা নিশা কৰায়ত্ব কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃক্ষই৷

এক গোপন সূত্ৰৰ আধাৰত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা অভিযানকাৰীয়ে যোৱা নিশা  চাৰিটা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জনোৱা মতে এক গোপন তথ্য আধাৰত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ইংলেং পথাৰৰ পৰা কৰায়ত্ব কৰা ৰামেশ্বৰ চিংনাৰ নামৰ এজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা অভিযান অভিযান চলোৱা হয়।

অভিযানত কাজিৰঙাৰ বৰবিল মিচিং গাঁৱৰ ধনপুৰ কাৰ্ডং , ইংলেঙ পথাৰৰ হৰিৰাম ইংতি আৰু কাৰ্বি আংলঙৰ ৰঙাগড়াৰ বিমান টাৰ’ নামৰ লোক কেইজনক গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়৷

ফটো : নৰ্থ-ইষ্ট নাও

বিষয়া গৰাকীয়া জনোৱা মতে এটুকুৰা গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত আছে ধৃত লোক কেইজন ৷

বিভাগীয় তথ্য মতে ধনপুুৰ কাৰ্ডং নামৰ লোকজনে গঁড়ৰ খৰ্গৰ টুকুৰা ৰামেশ্বৰ চিংনাৰক দিছিল৷

ধৃত লোক কেইজনে খৰ্গৰ টুকুৰাটো বিক্ৰী কৰাৰ পৰিকল্পনাৰে ডিফুৰ কোনো লোকৰ হাতত দিয়া বুলি স্বীকাৰ কৰিছে৷

চাৰিওজন লোককে সম্প্ৰতি গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰজু কৰি অধিক তথ্যাৰ বাবে অভিযান আৰম্ভ কৰিছে বন বিভাগে ৷