NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত নতুনকৈ ৩৮ গৰাকী লোক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2020 6:01 pm
ক'ৰ'না

নাগালেণ্ডত নতুনকৈ ৩৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৫৭৬৮ গৰাকীলৈ বৃদ্ধি পায়।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগানু ফোমে ৰাজ্যখনৰ শেহতীয়া কোভিড স্থিতি সম্পৰ্কে মত প্ৰকাশ কৰি বিগত ২৪ ঘণ্টাত ৰাজ্যখনত সম্পন্ন কৰা মুঠ ৫৯৬ টা কোভিড পৰীক্ষাৰ ভিতৰত ৩৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি কয়।

‘‘আপডেট! শেহতীয়াভাৱে সম্পন্ন কৰা মুঠ ৫৯৬ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ৩৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে,’’ স্বাস্থ্য মন্ত্ৰী ফোমে এইদৰে কয়।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৩৮ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী ডিমাপুৰ জিলাৰ, ১২ গৰাকী কহিমা আৰু এগৰাকীকৈ ক্ৰমে মুন আৰু ওখা জিলাৰ।

আনহাতে, বিগত সময়ছোৱাত মুঠ ৯৫ গৰাকী ক’ৰ’না আক্ৰান্তই ৰাজ্যখনত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে।

উল্লেখযোগ্য যে, নাগালেণ্ডত বৰ্তমানলৈ এঘাৰ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।