NORTHEAST NOW (Assamese)
অসম

সাফল্যৰ ৫০ টা বছৰ অতিক্ৰম গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2020 6:03 pm
tea-750x375

চনটো আছিল ১৯৭০। সেই চনৰে ২৫ ছেপ্তেম্বৰৰ দিনা অসমৰ চাহ উদ্যোগৰ ইতিহাসত ৰচনা হৈছিল এক নতুন অধ্যায়ৰ।

আছাম টি ব্ৰ’কাৰ্ছ সংস্থাৰ তদানীন্তন সভাপতি ৰাধা গোবিন্দ বৰুৱাই আনুষ্ঠানিক ভাবে আৰম্ভ কৰা চাহ নিলামৰ জৰিয়তে সূচনা হৈছিল অসমত প্ৰণালীৱদ্ধ বাবে চাহৰ নিলাম ব্যৱস্থা।

সেই দিনটোত প্ৰতি কিলোগ্ৰামত ৪২.৫০ টকা দৰত সৰু চৰাই বাগিচাৰ ১৩১৭ কিলোগ্ৰাম চাহপাত নিলামৰ জৰিয়তে ক্ৰয় কৰিছিল ব্যৱসায়ী জাফৰ আলীয়ে।

সেয়াই আৰম্ভনি আছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ।

নেহৰু ষ্টেডিয়ামত আৰম্ভ হোৱা গুৱাহাটী চাহ নিলাম কেন্দ্ৰই সাফল্যৰ ৫০ টা বছৰ অতিক্ৰম কৰিলে ।

এই কেন্দ্ৰ বিশ্বৰ ১২ টা বৃহৎ চাহ নিলাম কেন্দ্ৰ ভিতৰতে দ্বিতীয় স্থানত থকা কেন্দ্ৰ।

আৰম্ভনিৰ প্ৰথমটো বছৰতে কেন্দ্ৰটোৱে প্ৰতি কিলোগ্ৰামত গড়ে ৫.৬৮ টকাকৈ ৯.১ নিযুত কিলোগ্ৰাম চাহ নিলাম কৰিছিল।

উল্লেখ্য ১৯৬০ চনৰ পৰাই গুৱাহাটীত এটা চাহ নিলাম কেন্দ্ৰ খোলাৰ বাবে জয়ন্ত কুমাৰ বৰুৱা, হেমেন্দ্ৰ প্ৰসাদ বৰুৱা আদিকে ধৰি বহু কেইজন অসমীয়া চাহ খেতিয়কে চিন্তা-চৰ্চা কৰিছিল।

সেই চিন্তাই ১৯৭০ চনত সাকাৰ ৰূপ পৰিগ্ৰহ কৰে। কেন্দ্ৰটোৰ ৫০ বৰ্ষপূৰ্তিত উৎফুল্লিত হৈ পৰিছে এফ আই চি চিৰ মহিলা গোটৰ ৰাষ্ট্ৰীয় সভানেত্ৰী জাহ্নৱী ফুকনকে ধৰি আন ব্যক্তিসকল।