NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিৱসাগৰত পুষ্টি বাগান নিৰ্মাণৰ শুভাৰম্ভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 25, 2020 6:27 pm
appppp

 ৰাষ্ট্ৰীয় পোষণ মাহ-২০২০ ৰ লগত সংগতি ৰাখি  শিৱসাগৰ জিলা গ্ৰাম্য শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৩২ নং চেৰেকাপাৰ হাতীমূৰীয়া অঙ্গনবাদী কেন্দ্ৰত “পুষ্টি বাগান” নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান আৰু এখনি সজাগতা সভা সফলভাৱে অনুষ্ঠিত কৰা হয়।

ক’ভিড-১৯ সংক্ৰান্তীয় স্বাস্থ্যবিধি পালন কৰি অনুষ্ঠিত এই সজাগতা সভাত সভাপতিত্ব কৰে অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে। তেওঁ এগছি বন্তি প্ৰজ্বলন কৰি আৰু গছপুলি ৰোপণ কৰি “পুষ্টি বাগান” খনৰ শুভাৰম্ভ কৰে।

সভাত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্বাচিত ১০ টা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ হাতত বিভিন্ন উদ্যান শস্যৰ বীজ বিতৰণ কৰাৰ লগতে একোখনকৈ হাতপুথিও দিয়া হয়।

এই অনুষ্ঠানতে অঙ্গনবাড়ী কৰ্মীসকলৰ দ্বাৰা এখনি প্ৰদৰ্শনীমূলক পুষ্টি মেলাৰো আয়োজন কৰা হয়।

এই অনুষ্ঠানত শিৱসাগৰ গ্ৰাম্য শিশু উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত শিশু উন্নয়ন প্ৰকল্প বিষয়া দুদু দত্তই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰদীপ সন্দিকৈ, বিষয়বস্তু বিশেষজ্ঞা ডঃ তচলিমা বেগম, ডঃ শুভাশ্ৰী দিহিঙীয়া, ৩২ নং চেৰেকাপাৰ হাতীমূৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিৱসাগৰ গ্ৰাম্য শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকাসকল, সিংহদুৱাৰ দিহিঙীয়া গাঁৱৰ গাওঁবুঢ়া পদ্ম গগৈ, ১০ টা অঙ্গনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ লগতে পোষণ অভিযান আৰু মহিলা শক্তি কেন্দ্ৰ, শিৱসাগৰৰ কৰ্মচাৰীসকল উপস্থিত থাকে।