টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কৃষক নীতিৰ বিৰোধিতা কৰি আজি যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মৃদুল বৰাৰ নেতৃত্বত টীয়কত প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰা হয় ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টীয়কৰ জগদুৱাৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰা হয় ।
প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে প্ৰস্তাৱিত নতুন কৃষি বিধেয়ক বাতিল নকৰিলে ভৱিষ্যতে ইয়াতকৈও ভয়াবহ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকীয়াই দিয়াৰ লগতে আগন্তুক ২১ৰ বিধান সভাৰ নিৰ্বাচনত অসমত বিজেপিক পৰাভূত কৰিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও ৰাজ্যৰ বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত কৃষি বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।