NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত সোমবাৰৰ দিনটোত নতুনকৈ এঘাৰ গৰাকী লোক কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2020 10:51 pm

নাগালেণ্ডত সোমবাৰৰ দিনটোত নতুনকৈ ১১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ১১ গৰাকী লোকৰ ভিতৰত ছয় গৰাকী কহিমা, চাৰিগৰাকী টুৱেনচাং আৰু এগৰাকী ডিমাপুৰৰ।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগায়নু ফোমে টুইটাৰযোগে সোমবাৰে এইকথা প্ৰকাশ কৰে।

আনহাতে, সোমবাৰৰ দিনটোত নাগালেণ্ডত ৪৭ গৰাকী লোক চিকিৎসাৰ অন্তত সম্পুৰ্ণৰূপে সুস্থ হৈ উঠে।

সুস্থ হৈ উঠা ৪৭ গৰাকী লোকৰ ভিতৰত ৪৫ গৰাকী কহিমা আৰু দুগৰাকী ডিমাপুৰৰ।

অসমতো সোমবাৰৰ দিনটোত ৩৬৪৪ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। বিগত ২৪ ঘণ্টাত ১,২০,১৫৬টা ক’ভিড টেষ্টত এইসকলক লোকক পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৬৩, গোলাঘাটৰ ২৮৪, যোৰহাটৰ ২৩৭ আৰু শোণিতপুৰৰ ১৯৭গৰাকী ব্যক্তি।

এইসকলক ধৰি অসমত এতিয়ালৈকে ১,৭৩,৬২৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।