NORTHEAST NOW (Assamese)
অসম

সৰ্বাধিক আই পি এল খেলত অংশ লোৱাৰ অভিলেখ মহেন্দ্ৰ সিং ধোনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 1:19 pm

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলত অধিক সংখ্যক খেলত অংশগ্ৰহণ কৰাৰ অনন্য অভিলেখৰ অধিকাৰী হয় চেন্নাই চুপাৰ কিংগছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী।

শুকুৰবাৰে ছানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংগছৰ খেলখনত অংশলৈ ধোনীয়ে এই অভিলেখৰ গৰাকী হয়।

ধোনীয়ে শুকুৰবাৰে আই পি এলৰ ১৯৪ সংখ্যক খেলত অংশ লয় এইক্ষেত্ৰত তেওঁ চেন্নাই চুপাৰ কিংগছৰে সতীৰ্থ সুৰেশ ৰাইনাৰ ১৯৩ খন খেলত অংশলোৱাৰ অভিলেখ ভংগ কৰে।

সুৰেশ ৰাইনাই ১৯৩ খন খেলত অংশলোৱাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ১৯২ খন খেলত অংশ লৈছে।

ধোনীয়ে নতুন অভিলেখ গঢ়াৰ পাছতে সুৰেশ ৰাইনাই ছ’চিয়েল মিডিয়াত ধোনীক শুভেচ্ছা জ্ঞাপন কৰে।

”মোৰ অভিলেখ মাহী ভাই ভংগ কৰা বাবে সুখী,” সুৰেশ ৰাইনাই লিখে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১৫ আগষ্টত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।