NORTHEAST NOW (Assamese)
অসম

আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ আহি ওৰেটো নিশা পথৰ ওপৰত বহি থাকিল ৰাইজ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক October 5, 2020 5:44 pm
Screenshot_2020-10-05-17-03-02_1

কেন্দ্ৰীয় চৰকাৰে আধাৰ জৰুৰী নথি হিচাপে গণ্য কৰাৰ পাছত  আধাৰ প্ৰস্তুত কৰা কেন্দ্ৰসমূহত সাধাৰণ ৰাইজৰ অভাৱনীয় ভীৰে এক সমস্যাৰ সৃষ্টি কৰিছে।

কোভিড প্ৰট’কল মানি কেন্দ্ৰসমূহত সীমিত সংখ্যক লোকৰহে আধাৰ কাৰ্ড এটা দিনত প্ৰস্তুত কৰে বাবে আগদিনা বিয়লি পৰা আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ অহা ৰাইজে কেন্দ্ৰৰ সন্মুখত উপস্থিত হৈ ওৰটো নিশা উজাগৰী কটোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে টীয়কত।

টীয়কৰ ১০ নং গাখীৰখোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ আধাৰ কেন্দ্ৰৰ সন্মুখত আজি সোমবাৰে পুৱা দেখা গ’ল ৰাইজৰ ভীৰ।

কাৰ্যালয়টোৰ সন্মুখৰ পথৰ ওপৰতে দূৰ দূৰণিৰ পৰা অহা পুৰুষ, মহিলাই দেওবাৰে বিয়লি ২-৩০ বজাৰ পৰা ওৰেটো নিশা উজাগৰী নিশা কটাব লগা হৈছে।

এই বিষয়ে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে টীয়ক আৰক্ষীক অৱগত কৰাত নিশাই আৰক্ষী উক্ত স্থানত উপস্থিত হৈ গাঁওৰক্ষী বাহিনীক নিশা পহৰাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে আৰক্ষীয়ে।