NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ৮৫.২৪ শতাংশলৈ বৃদ্ধি ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 7:10 pm

মিজোৰামৰ স্বাস্থ্য বিভাগে ৰাজ্যখনৰ ৮৫ শতাংশ লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে বুলি সোমবাৰে প্ৰকাশ কৰে।

দেওবাৰলৈ দেশখনৰ মুঠ ১৮০৭ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে। ৰাজ্যখনৰ মুঠ কোভিড আক্ৰান্ত ২১২০ গৰাকী লোকৰ ভিতৰত ১৮০৭ গৰাকী লোক সুস্থ হৈ উঠে।

অৱশ্যে সোমবাৰে ৰাজ্যখনত কোনোধৰণৰ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নায়।

বৰ্তমানলৈ ৰাজ্যখনত মুঠ ৮২৬৬৭ টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ইয়াৰ ভিতৰত ২১২০ গৰাকী লোক কোভিড প’জিটিভ পোৱা গৈছে।

মিজোৰামৰ মুঠ ক’ৰ’না আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ৪১.০৯ শতাংশ লোক মিজোৰামৰে আৰু ৫৮.৯১ শতাংশ লোক বহিঃৰাজ্যৰ পৰা অহা।

দেওবাৰৰ দিনটোত মিজোৰামত নতুনকৈ ১৭ গৰাকী লোক কোভিড প’জিটিভ হয়।

নতুনকৈ কোভিড প’জিটিভ হোৱা ১৭ গৰাকী লোকৰ ভিতৰত ১২ গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ লোক আৰু এগৰাকী ভাৰতীয় বায়ু সেনা বাহিনীৰ লোক।