NORTHEAST NOW (Assamese)
অসম

১লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল টেঙাখাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 6, 2020 7:17 am
Story-4-9-1140x570

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াত নগদ ধনৰ লেনদেন আৰু প্ৰশ্নকাকত ফাদিল কেলেংকাৰিয়ে ৰাজ্যখনক জোকাৰি যোৱাৰ সময়তে ডিব্ৰুগড়ৰ টেঙাখাট আৰক্ষী থানাৰ এগৰাকী উপ-পৰিদৰ্শকক এগৰাকী নাগৰিকৰ পৰা দাবী কৰি ১লাখ টকা উৎকোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীৰ জিম্মাৰ পৰা টকাখিনি উদ্ধাৰ কৰা হৈছে আৰু এই গোচৰত পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে।

অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইটত জনায়, ‘’ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দীপজ্যোতি দাসক এগৰাকী লোকৰ পৰা দাবী কৰি ১লাখ টকা লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। উক্ত টকাখিনি তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী কাৰ্যব্যৱস্থা চলি আছে।‘’

আনহাতে, সোমবাৰে লখিমপুৰতো দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া যাদৱ চন্দ্ৰ নাথ ,এ চি এফ জেচিম আহমেদ আৰু বনপালক প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰে ।

বন বিভাগে জব্দ কৰা এখন কাঠভৰ্তি ট্রেক্টৰ মোকোলাই দিয়াৰ বিনিময়ত ৫০ হেজাৰ টকা উৎকোচ লওঁতেই হাতে লোতে ধৰা পৰে দুই গৰাকী বিষয়া।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইটত এইকথা জানিবলৈ দি কয় যে ‘জাল ৰচনা কৰাত সহায় কৰিবলৈ ৰাইজে এনেধৰণৰ অধিক তথ্য আগবঢ়াব পাৰে’।