NORTHEAST NOW (Assamese)
অসম

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱানক আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 7, 2020 12:39 pm

বোকাখাতৰ আৰক্ষীৰ অভিযানকাৰী দলে গড়ঁৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত মঙ্গল বাৰৰ নিশা বন বিভাগৰ বিশেষ সুৰক্ষা বাহিনীৰ এজন জোৱানক আটক কৰে৷

গঁড়ৰ খৰ্গৰ সৈতে কৰায়ত্ব কৰা উৰুকা পেগু আৰু পৰিবাৰ কুনকুনী পেগুৰ স্বীকাৰোক্তিৰ আধাৰতেই বনবিভাগৰ বিশেষ সুৰক্ষা বাহিনীত কৰ্মৰত শশী দলেক কলিয়াবৰ মহকুমাৰ চেকনিত থকা স্পেচিয়েল টাস্ক ফৰ্চৰ চাউনিৰ পৰা যোৱা নিশা বোকাখাত আৰক্ষীয়ে আটক কৰে৷

উল্লেখ্য যে শশী দলে গঁড়ৰ খৰ্গৰ ব্যৱসায় আৰু গঁড় হত্যাৰ গোচৰত অভিযুক্ত গনেশ দলেৰ ভাতৃ৷

গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত গনেশ দলেক বন বিভাগ আৰু আৰক্ষীয়ে বিচাৰি আছে যদিও সম্প্ৰতি পলাতক হৈ আছে গনেশ দলে৷

গঁড় হত্যাৰ সৈতে জড়িত গনেশ দলেই কৃষি মন্ত্ৰী অতুল বৰাৰ আস্থাভাজন হৈ যোৱাতো পঞ্চায়ত নিৰ্বাচনত অসম গন পৰিষদ দলৰ হৈ বোকাখাতৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল৷

গঁড় খৰ্গৰ ব্যৱসায়ত জড়িত থকাৰ বাবে গনেশ দলেক অসম গণ পৰিষদ দলৰ পৰা বহিস্কাৰো কৰিছিল৷

ইফালে গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত শশী দলেক পূৰ্বতেও আটক কৰিছিল বোকাখাত আৰক্ষীয়ে।