NORTHEAST NOW (Assamese)
অসম

অতুলক আদালতে দিলে সকাহ! : অতুল বৰাই হৈ থাকিব অগপৰ সভাপতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 7, 2020 6:40 pm
agp-20-feb-750x375 (2)

কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে দিলে ৰায়, ‘অতুল বৰাৰ নেতৃত্বত যোৱা ২৭ আগষ্টত গঠন হোৱা সমিতিখন বৈধ আৰু অতুল বৰাই অগপৰ সভাপতি হৈ থাকিব।’

এই কথা অগপৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জনাইছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।

সংবাদমেলত মহাজনে কয় ‘অগপৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে নিম্ন দেৱানী আদালতত দাখিল কৰা অভিযোগৰ ভিত্তিত নিম্ন দেৱানী আদালতে যি একপক্ষীয় ৰায়দান কৰিছিল বা ২৭ আগষ্টৰ সাধাৰণ পৰিষদৰ সভাৰ যি স্থগিতাদেশ জাৰি কৰিছিল সেয়া আজিৰ তাৰিখত নাই।‘

ইপিনে, নিম্ন দেৱানী আদালতে যোৱা ৫ ছেপ্তেম্বৰৰ দিনা অগপৰ নতুন কমিটিখনে বিষয়বাব গ্ৰহণ কৰিব নোৱাৰিব বুলি যি হুকুম জাৰি কৰিছিল তাৰ বিৰুদ্ধে জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ কাষ চাপিছিল বুলি মহাজনে জানিবলৈ দিয়ে।

‘দীৰ্ঘম্যাদী শুনানিৰ পাছত আজি দুয়োপক্ষৰ মত শুনাৰ পাছত জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে হুকুম জাৰি কৰিছে যে নিম্ন আদালতে যোৱা ৫ ছেপ্তেম্বৰত যি হুকুম দিছিল সেইটো অগ্ৰাহ্য কৰা হৈছে। আজিৰে পৰা অতুল বৰা, কেশৱ মহন্তকে ধৰি অগপৰ নতুন সমিতিখন গণতান্ত্ৰিকভাৱে বিষয়বাবত বাহাল থাকিব।’

উল্লেখযোগ্য যে, অগপৰ মহানগৰ জিলা সমিতিৰ গিৰীণ তালুকদাৰ, জিতেন ডেকা আৰু হেমেন দাসে সংবিধান অৱমাননা কৰি অগপই অধিৱেশন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে প্রত্যাহবান জনাই আদালতৰ দ্বাৰস্থ হৈছিল৷

অহা ১৯ নৱেম্বৰ পর্যন্ত অধিৱেশন সম্পর্কীয় কোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰিছিল নিম্ন দেৱানী আদালতে।

আদালতৰ নিৰ্দেশনাক অৱজ্ঞা কৰি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী জিলা সমিতিৰ জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰে পুনৰবাৰ আদালতৰ কাষ চাপিছিল।