NORTHEAST NOW (Assamese)
অসম

সুখয়-৩০ যুদ্ধ বিমানৰ পৰা ভাৰতে পৰীক্ষণ কৰিলে দেশৰ প্ৰথমটো এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰম-১’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 6:53 pm
a rudram

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যেন হাত সাৱটি বহি থকা নাই ভাৰতে।

সেয়ে ইটোৰ পিছত সিটোকৈ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কৰি গৈছে দেশ খনে। আজি পুনৰ ভাৰতে ওড়িশাৰ বালাচোৰৰ পৰা দেশৰ প্ৰথমটো এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰম’ৰ সফল পৰীক্ষণ সম্পন্ন কৰে।

সুখয় যুদ্ধ বিমানৰ পৰা আজি দিনৰ ১০.৩০ বজাত মিছাইল বিধৰ পৰীক্ষণ কৰা হয়।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাই নিৰ্মাণ কৰি উলিওৱা এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰমে’ শত্ৰু পক্ষৰ যোগাযোগ ব্যৱস্থা তছনছ কৰি দিব পাৰিব।

এই মিছাইলে প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈৰ পৰাই শত্ৰুৰ ৰাডাৰ ধ্বংস কৰিব পাৰিব।

সুখয়ৰ উপৰি মিৰেজ-২০০০,জাগুৱাৰ,তেজছ আদি বিমানতো এই মিছাইল স্থাপন কৰা হব বুলি ডি আৰ ডি অ’ৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য  চীন আৰু ভাৰতৰ মাজত উত্তেজনা চলি থকাৰ মাজতে অলপতে ভাৰতে পাৰণৱিক শক্তিধৰ মিছাইল শৌৰ্যৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল।

ওড়িশাৰ উপকূলৰ পৰা শব্দতকৈও বেগী  এই মিছাইলৰ পৰীক্ষণ কৰা হয় ।

শৌৰ্য মিছাইলে ৮০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব।

দেশৰ প্ৰচলিত আন মিছাইল সমূহতকৈ এই মিছাইলৰ ওজন যথেষ্ট কম ।

উল্লেখ্য অলপতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰে প্ৰকাশ কৰিছিল।