NORTHEAST NOW (Assamese)
অসম

হায়দৰাবাদৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক’ৰ’নাৰ পৰীক্ষাৰ বাবে আদায় ল’লে ২৭০০০ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 8:23 pm

হায়দৰাবাদৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক’ৰ’নাৰ পৰীক্ষাৰ বাবে ৰোগীৰ পৰা ২৭০০০ টকা আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে।

হায়দৰাবাদৰ এগৰাকী সক্ৰিয় কৰ্মীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আদায় লোৱা বাবে গোচৰ তৰিছে।

”যেতিয়া মই কোভিড পৰীক্ষাৰ বাবে চিকিৎসালয়খনলৈ গৈছিলো…মোৰ পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক মূল্য ক’ৰ’নাৰ পৰীক্ষাৰ বাবে আদায় লোৱা হৈছিল,” সক্ৰিয় কৰ্মীগৰাকীয়ে লগতে কয়।

তেলেংগানা চৰকাৰ আৰু নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি(এন পি পি এ)য়ে এই ক্ষেত্ৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সুযোগ গ্ৰহণ কৰি দেশৰ বহু সংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে জনসাধাৰণৰ পৰা অধিক হাৰত ধন সংগ্ৰহ কৰাৰ সৰ্বত্ৰে অভিযোগ উত্থাপন হৈছে।