NORTHEAST NOW (Assamese)
অসম

অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 6:50 am
10-5-1140x570

মুম্বাই আৰক্ষীয়ে উৎখাত কৰা টিআৰপি ফিক্সিং চক্ৰৰ সৈতে সম্পৰ্কৰ বিষয়ে ভাষ্য গ্ৰহণ কৰিবলৈ শুকুৰবাৰে ৰিপাব্লিক টিভিৰ মুখ্য বিত্ত বিষয়া শিৱ সুন্দৰমলৈ মুম্বাই আৰক্ষীয়ে চমন জাৰি কৰিছে।

সুন্দৰমৰ লগতে চমন জাৰি কৰা আনসকলৰ ভিতৰত আছে মেডিছন ৱৰ্ল্ডৰ পৰিচালন সঞ্চালক ছেম বালছাৰা আৰু আইপিজি মিডিয়া ব্ৰেণ্ডৰ চিইঅ’ শশী সিনহা।

মুম্বাই আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ শাখা) মিলিন্দ ভাৰাম্বে পাছত সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে উক্ত তিনিগৰাকী ব্যক্তিক ভাৰতীয় দণ্ডবিধিৰ ১৬০ ধাৰাৰ অধীনত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিবলৈ মাতি পঠিওৱা হৈছে।

‘’মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ কাৰ্যালয়ত উপস্থিতি হ’বলৈ মোক মাতি পঠিয়াইছে। তেওঁলোকে মোক কি কাৰণে মাতিছে বা তেওঁলোকে মোক কি সুধিব সেইবিষয়ে মোৰ কোনো ধাৰণা নাই। এতিয়া মই একো ক’ব নোৱাৰিম। মই কাইলৈ গৈ তেওঁলোকক লগ কৰিম,’’-সিনহাৰ উদ্ধৃতিৰে হিন্দুস্তান টাইমছত এইদৰে কোৱা হৈছে।

‘’মই বিএআৰচিৰ এগৰাকী ক্লায়েন্ট। মুম্বাই আৰক্ষীয়ে মোক তদন্তত সহায় কৰিবলৈ অনুৰোধ কৰিছে যিটো কৰিবলৈ পাই মই সুখী,’’-ছেম বালছাৰাই সংবাদ মাধ্যমক কয়।