NORTHEAST NOW (Assamese)
অসম

কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ অসম বন্ধৰ প্ৰভাৱ ভাৰত-ভূটান সীমান্তত সৰ্বাত্মক

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 10, 2020 6:06 pm
a kalita

কলিতা সকলক জনজাতিকৰণ কৰাৰ দাবীত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টা জোৰা অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে তামুলপুৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত।

বন্ধৰ সময়ত তামুলপুৰ মহকুমা সদৰ, ঘগ্ৰাচক, দিমিলাপৰা, কুমাৰীকাটা, দৰঙামেলা, নাগ্ৰীজুলি, গুৱাবাৰী, লাউপাৰা, ৰামেচুবুৰী, সাহপুৰ, কাচুৱাৰী, দ্বাৰকুচি, লতিবাৰী, গান্ধীবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলৰ লগতে ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত দোকান-পোহাৰ, ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান আদি বন্ধ থাকে।

ইয়াৰ উপৰিও অঞ্চলটোত যান বাহনৰ চলাচল ও বন্ধ হৈ পৰে।

তামুলপুৰ মহকুমাৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থক সকলে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰঙিয়া- তামুলপুৰ- ভূটান পথত টায়াৰ জ্বলাই কলিতা জনগোষ্ঠীক জনজাতি কৰক, কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ, নো এছ টি নো ৰেষ্ট আদি শ্লোগান দি  বন্ধৰ সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধৰ ফলত তামুলপুৰৰ মটঙা চকত বহু সংখ্যক বাহন আবদ্ধ হৈ পৰে।

বাতৰি লিখাৰ পৰলৈকে অঞ্চলটোত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ খবৰ পোৱা হোৱা নাই।