NORTHEAST NOW (Assamese)
Popular Stories

পূজাৰ বতৰত ভাৰতীয় ষ্টেট বেংকৰ এক ডাঙৰ ঘোষণা : কি এই ঘোষণা ? জানিবলৈ পঢ়ক….

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2020 7:54 pm
image

পূজাৰ বতৰত ভাৰতীয় ষ্টেট বেংকে এক ডাঙৰ ঘোষণা কৰিছে।

এই ঘোষণা অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে ক্ৰেডিট কাৰ্ড নহয় ডেবিট কাৰ্ডেৰে ঋণ পৰিশোধ কৰিব পাৰিব।

অৱশ্যে বেংক কৰ্তৃপক্ষই এই সুবিধা একাংশ নিৰ্বাচিত গ্ৰাহকলৈহে আগবঢ়াইছে।

বেংকে জনোৱা মতে গ্ৰাহকে অনলাইন শ্বপিং অথবা দোকানত ডেবিট কাৰ্ডৰ মাধ্যমেৰে এই সুযোগ লাভ কৰিব পাৰিব। ক্ৰয়-বিক্ৰয়ৰ দ্বাৰা সহজে গ্ৰাহকসকলে মাহেকীয়া ঋণৰ কিস্তি পৰিশোধ সহজতে কৰিব পাৰিব।

ইয়াৰ পূৰ্বে এই সুবিধা কেৱল ক্ৰেডিট কাৰ্ডতহে উপলব্ধ আছিল। এতিয়া কিছু সংখ্যক গ্ৰাহকে ডেবিট কাৰ্ডটো এই সুবিধা লাভ কৰিব।

নতুন নিয়ম অনুসাৰে প্ৰি-এপ্ৰুভ গ্ৰাহকে ই-কমাৰ্ছ সংস্থা অমাজন ফ্লীপকাৰ্ট আদি বা অন্যান্য কোনো ষ্ট’ৰত কাৰ্ড শ্বোৱেইপ কৰি টিভি, ফ্ৰীজ, এচি, ৱাশ্বিং মেচিন, ফাৰ্নিচাৰ আদি ডেবিট কাৰ্ডৰ যোগেদি ইএমআইৰ দিব পাৰিব।

অৰ্থাৎ কিনাৰ সময়তে মাহিলি কিস্তিত ঋণ পৰিশোধ কৰাৰ সুবিধা কৰি দিয়া হ’ব। ইয়াৰ বাবে কমপক্ষেও ৮ হাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰিব লাগিব গ্ৰাহকে। আৰু ৬, ৯, ১২ আৰু ১৮ মাহৰ ভিতৰত ইএমআইৰ যোগেদি ধন পৰিশোধ কৰিব লাগিব।

কিস্তিৰ সময় অনুসৰি মূলধন আৰু সুদ মিলি ইএমআইৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ’ব।

ষ্টেট বেংকে জনাইছে যে পঞ্জীয়ভুক্ত মোবাইলেৰে ৫৬৭৬৭৬ নম্বৰত DCEMI টাইপ কৰি এছএমএছ কৰি গ্ৰাহকসকলে এই সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব।