NORTHEAST NOW (Assamese)
অসম

লৌকিক নে অলৌকিক! জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধ পাতি মৃত্যুক সাৱটিলে এই যুৱকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2020 7:25 am
a ikbaba-1481769532_835x547

কথাতে আছে জন্ম-মৃত্যু-বিবাহ কেতিয়া,ক’ত হয় সেয়া কোনেও ক’ব নোৱাৰে।

কিন্তু পশ্চিমবংগৰ এটা পৰিয়ালৰ এজন যুৱকে যেন গম পাইছিল তেওঁৰ মৃত্যুৰ কথা।

পশ্চিমবংগৰ ২৫ বছৰীয়া যুৱক অবিনাশ বৰ্মণ।বিগত কিছু বছৰ ধৰি যুৱক জনে তান্ত্ৰিক বিদ্যাৰ চৰ্চা কৰিছিল।

উত্তৰ দিনাজপুৰৰ হেমতাবাদ নিবাসী  যুৱক জনে কালি গাওঁৰে বহু লোকক মাতি নিজৰ শ্ৰাদ্ধ পাতিছিল।

মানুহক সুন্দৰ কৈ খুৱাই-বুৱাই বিদায় দিয়াৰ পিছত যুৱক জনে নিশা শুবলৈ গৈছিল।

সদায় দোকমোকালিতে বিছনা এৰা যুৱক জনে বহু দেৰিলৈকে উঠি নহাত পৰিয়ালৰ লোকে তেওঁক জগাবলৈ যায়।

কিন্তু পৰিয়ালৰ লোকে যুৱক জনক বিছনাতে মৃত অৱস্থাত উদ্ধাৰ কৰে।

কোনো ৰোগ-ব্যাধি নথকা যুৱক জনে তেওঁৰ মৃত্যুৰ কথা আগতীয়াকৈ জানিয়েই গাওঁৰ মানুহক নিজৰ শ্ৰাদ্ধ পাতি ভোজ খুৱাইছিল বুলি বহুতে মন্তব্য কৰিছে।

আচৰিত কথাটো হ’ল যুৱক জনৰ আইতাক আশুবালা দেৱীয়েও জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধ পাতি তাৰ থিক ৪৮ ঘণ্টা পিছতে এনেদৰে মৃত্যুক সাৱটি লৈছিল।

স্ব-মৃত্যুৰ কথা বহুতইে ধৰিব পাৰে বুলি আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশৰ পেৰাচাইক’লজিষ্ট সকলে কৈ আহিছে।

পৌৰাণিক বহু আখ্যানতো এনে স্বেচ্ছা মৃত্যুৰ কথা পোৱা যায়।

পশ্চিমবংগৰ যুৱক অবিনাশেও তেওঁৰ মৃত্যুৰ আগলি বতৰা পাব পাৰে বুলি বহুতে মন্তব্য কৰা দেখা গৈছে।

আমাৰ এই লৌকিক পৃথিৱী খনত বহু অলৌকিক ঘটনাই আমাৰ অগোচৰে ঘটি থাকে বুলিও পেৰাচাইক’লজিষ্ট সকলে কৈ আহিছে। অবিনাশৰ মৃত্যৰ ঘটনাটোও লৌকিকতাৰ মাজতে ঘটা কোনো অলৌকিক ঘটনা নহয়তো! এই প্রশ্নই এতিয়া গাওঁবাসীৰ মনত ক্রিয়া কৰিছে।