NORTHEAST NOW (Assamese)
অসম

চৰাইদেউ জিলাত বৈধ মাৰাণাস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি মন্ত্ৰীৰ ঘনিষ্ঠৰ; মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

Posted by: পাৰ্শ্বজোতি গগৈ Updated by: পাৰ্শ্বজোতি গগৈ October 12, 2020 8:08 pm

চৰাইদেউত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰধাৰীৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাব ধৰিছে। নিশা হলেই হাতত মৰণাস্ত্ৰ লৈ তাণ্ডৱ চলাই এই সকল অস্ত্ৰধাৰীয়ে।

এইসকল অস্ত্ৰধাৰীৰ বিৰুদ্ধে আজি শিৱসাগৰত আছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, নাজিৰা মহকুমা ছাত্ৰ সন্থা আৰু চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ যোগ্য যে, শিৱসাগৰ জিলা ছাত্ৰ সন্থাই কৰা অভিযোগ অনুসৰি নাম সাঙোৰ খাইছে চৰাইদেউ জিলাৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে।

মন্ত্ৰী জনৰ একাংশ ঘনিষ্ঠক কোনো বাচ-বিচাৰ নোহোৱাকৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে আৰু এইসকল লোকেনিশা হলেই হাতত অস্ত্ৰ লৈ বিভিন্ন লোকক ঘৰৰ ভিতৰত ভাবুকি  প্ৰদান কৰি আহিছে।

অনাগত বিধানসভা নিৰ্বাচনত মন্ত্ৰীৰ ঘনিষ্ঠ এইসকল অস্ত্ৰধাৰীয়ে মুক্ত হত্যাৰ পাতনি মেলাৰ আশংকা কৰিছে ছাত্ৰ সন্থাই।

মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট এই সকল ব্যক্তিক নিয়ন্ত্ৰণ কৰিব নোৱাৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।