NORTHEAST NOW (Assamese)
অসম

অসম লোকসেৱা আয়োগৰ ২০১৮বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 13, 2020 7:02 am
550250-apsc-678x381-1-570x320-1-1-750x375-1

অসম লোকসেৱা আয়োগৰ বিভিন্ন জুনিয়ৰ গ্ৰেড বিষয়াৰ বাবে অনুষ্ঠিত ২০১৮ বৰ্ষৰ অনুষ্ঠিত যৌথ প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছে।

যৌথ প্ৰতিযোগিতামূলক মূল পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে অহা ২৮ অক্টোবৰত মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগিব।

মূল পৰীক্ষাটোত মুঠ ৫৪৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

যোৱা বছৰ আগষ্টৰ ২তাৰিখৰ পৰা ২৯তাৰিখলৈকে ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত অসম লোকসেৱা আয়োগৰ এই যৌথ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হৈছিল।

গুৱাহাটী উচ্চ ন্যয়ালয়ত উক্ত পৰীক্ষা সম্পৰ্কীয় এক গোচৰ চলি থকাৰ বাবে ২০১৮ বৰ্ষৰ এই পৰীক্ষাৰ ফলাফল আয়োগে ঘোষণা কৰা নাছিল।

যোৱা ৯ অক্টোবৰত গোচৰটোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া চূড়ান্ত ৰায়দানৰ  পিছত সোমবাৰে আদালতৰ নিৰ্দেশ অনুসৰি এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়।

প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহৰ লগতে প্ৰাসংগিক তথ্যসমূহ আয়োগৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in ত বিতংভাৱে চাব পাৰিব।