NORTHEAST NOW (Assamese)
Popular Stories

অসমত ১১ গৰাকীলৈ বৃদ্ধি পালে ক’ৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2020 10:20 am
1216 persons cured of COVID-19 in Assam on Tuesday

ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ পুনৰ দুগৰাকী লোকৰ মৃত্যু হৈছে। ফলত নিহত সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে।

আজি পুৱা কোভিড-১৯ত আক্ৰান্ত মহানগৰীৰ পাণ্ডুৰ এগৰাকী ব্যক্তিয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে, আনহাতে যোৱা শুকুৰবাৰে গুৱাহাটী জ্যোতিকুচিৰ এজন ৭২ বছৰীয়া ব্যক্তিৰ মৃত্যু হয় বুলি খবৰ পোৱা গৈছে।

জ্যোতিকুচিৰ লোকজনৰ নাম ভৱেশ কানচা বনিক আৰু পাণ্ডুৰ ব্যক্তি গৰাকীৰ নাম লক্ষী দাস।

যোৱা দেওবাৰে কামৰূপ মহানগৰ জিলাত একেটা দিনতে সৰ্বাধিক সংখ্যক কোভিড-১৯ৰ পজিটিভ কেচ পোৱা যায়। যোৱা ২৪ ঘণ্টাত জিলাখনত ৭৩ গৰাকী কোভিড ৰোগী চিনাক্ত হয়।

এই পৰ্যন্ত কামৰূপ মহানগৰত কোভিড আক্ৰান্তৰ সংখ্যাই ৪০০ৰ সীমা পাৰ কৰিছে। মহানগৰীৰ ফাঁচি বজাৰ, পাণ্ডু, চাৰাভাটি আদি অঞ্চলক হট-স্পট হিচাপে চিনাক্ত কৰা হৈছে।

অসমত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫৫৮৬লৈ বৃদ্ধি পাইছে, দেওবাৰে ৰাজ্যত ৩৩১ জন ক’ৰ’নাত আক্ৰান্ত হয়।