NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা নতুন দলঙৰ তলত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 13, 2020 7:24 pm
Unidentified woman's body found in Margherita

এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ আজি পুৱাই মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈৰ নতুন দলঙৰ তলত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নতুন দলঙৰ খুটাৰ তলত গেৰুৱা ৰঙৰ শাড়ি পৰিহিতা এগৰাকী মহিলাৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

মৃতদেহটো পানীত উটি আহি বুঢ়ীদিহিং নৈৰ দলঙৰ খুটাত লাগি ধৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

প্ৰায় ৫০-৫৫ বছৰ বয়সৰ অচিনাক্ত মহিলাগৰাকী কি পৰিস্থিতিত মৃত্যুক আঁকোৱালি ল’ব লগা হল সেয়া বাতৰি লেখা সময়লৈকে ৰহস্যৰ মাজত আছে।

ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি সমগ্ৰ বিষয়টো অনুসন্ধান কৰাৰ লগতে মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

আজি পুৱাই এইদৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা বিয়পি পৰাৰ পাছতেই ৰাইজে নতুন দলঙৰ ওপৰত ভিৰ কৰা পৰিলক্ষিত হয়।

স্থানীয় এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কালি নিশা প্ৰায় ১১ বজা মানতেই মহিলা গৰাকী নদীত উটি আহি উক্ত স্থানত আবদ্ধ হৈ পৰিছিল।