NORTHEAST NOW (Assamese)
অসম

বহু মুছলমান যুৱকে হিন্দু নামলৈ ফেচবুক একাউণ্ট খুলি হিন্দু যুৱতীক বিয়া কৰি আহিছে: হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2020 4:20 pm
a Many_Muslim_

লাভ জিহাদৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়াকৈ লাভ জিহাদৰ বিৰুদ্ধে সৰৱ হৈ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বহু মুছলমান যুৱকে হিন্দু নামত ফেচবুক একাউণ্ট খোলে আৰু মন্দিৰলৈ যোৱাৰো ছবি দিয়ে।

এনে যুৱকে কোনো হিন্দু যুৱতীক নিজকে হিন্দু বুলি পতিয়ন নিয়াই  যুৱতী গৰাকীক বিয়া কৰোৱায়।

পিছতহে যুৱতী গৰাকীয়ে ধৰিব পাৰে যে হিন্দু বুলি পৰিচয় দিয়া যুৱক জন দৰাচলতে মুছলমানহে।

এয়া বিয়াৰ নামত বিশ্বাস ভংগৰ কথা বুলিও মন্ত্ৰী শৰ্মাই মন্তব্য কৰে।

তেওঁ লগতে কয় যে অহা ৫ বছৰত হবলগীয়া বিবাহসমূহৰ ওপৰত চৰকাৰে সেয়ে চকু ৰাখিব।

লাভ জেহাদৰ নামত কোনো হিন্দু যুৱতীক প্ৰৱঞ্চনাৰ বলি হ’বলৈ দিয়া নহ’ব বুলিও তেওঁ কয়।

উল্লেখ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছুসংখ্যক  মুছলমান যুৱকে হিন্দুৰ পৰিচয়ৰে হিন্দু ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ প্ৰায়ে উত্থাপন হৈ আহিছে।

এই ক্ষেত্ৰত সেয়ে চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে বুলি বহুতে মন্তব্য কৰিছে।