NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত লোমহৰ্ষক হত্যাকাণ্ড, জোঁৱায়েকে হত্যা কৰিলে শহুৰেকক

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ October 16, 2020 9:53 pm

মাৰ্ঘেৰিটাত জোঁৱায়েকে শহুৰেকক হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি, বৃহস্পতিবাৰে নিশা মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ডিৰক লেখাজানত পাৰিবাৰিক কণ্ডলৰ ফলত জোঁৱায়েকে হত্যা কৰে নিজৰে শহুৰেকক।

জোৱায়েকে শহুৰেকক হত্যা কৰাৰ বাতৰি বিয়পি পৰাৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ হয়।

মঙ্গল মাহাতো নামৰ ৭০ বছৰীয়া বৃদ্ধজনক জোঁ‌ৱায়েক জুনুকা সিঙে মৰিয়াই মৰিয়াই হত্যা কৰে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে আজি মংগল মহাতোৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

অনহাতে, হত্যাকাৰী জোঁ‌ৱায়েক জুনুকা সিঙে হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যেই সমগ্ৰ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।

মংগল মাহাতোৰ মৃত্যুত ডিৰক অঞ্চলত শোকৰ ছাঁ‌ পৰাৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে।