NORTHEAST NOW (Assamese)
অসম

আজি কাতি বিহু : কঙালীক বিদায় দি লখিমীক আদৰিবলৈ সাজু হ’ব অসমীয়াই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 12:23 pm
IMG-20181017-WA0055-750x375

প্ৰকৃতিৰ নিৰ্ভাৰ সেউজময়তাৰ মাজত আজি প্ৰতিজন অসমীয়াৰ মন প্ৰাণ প্ৰশান্তিৰে ভৰাই তোলা এটা দিন।

আজি কাতি বিহু। কৃষিজীৱী গ্ৰাম্য সমাজৰ অতিকে আপোন আৰু প্ৰতিজন অসমীয়াৰ হৃদয়ক পৱিত্ৰতাৰ স্পৰ্শৰে সপোনৰ বুনা বুটা সোণালী দিনৰ আশা জগাই তোলা এটি দিন।

ঘৰৰ তুলসীজোপাৰ তলত এগছি চাকি জ্বলাই পৰমেশ্বৰৰ চৰণত সমৃদ্ধি কামনা কৰিব প্ৰতিজন অসমীয়াই।

সেইদৰে, পথাৰৰ সেউজীয়া হৈ পৰা ধাননিডৰাতো প্ৰতিগৰাকী কৃষকে এগছি চাকি জ্বলাই লখিমীক সেৱা জনাব।

কৰ’নাৰ সংকটকালত বিপন্ন অনুভৱ কৰা প্ৰতিজন কৃষিজীৱী অসমীয়াই কাতি বিহুতেই যাতে কঙালীক বিদায় দিব পাৰে তাৰো হয়তো সংকল্প ল’ব।

কাতি বিহু উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীলৈ শুভেচ্ছা জনাইছে।

মুখ্য মন্ত্ৰীয়ে শুভেচ্ছা জনাই টুইটাৰত লিখিছে, ‘’সেউজী পথাৰবোৰ আমাৰ খেতিয়কসকলৰ কঠোৰ পৰিশ্ৰম আৰু আশাৰ প্ৰতীক। এই আশাবোৰ অনাগত দিনত সোণগুটি হৈ উজলি উঠক আৰু কাতি বিহুৰ বন্তিগছিয়ে পোহৰৰ বাট দেখুৱাই অসমবাসীৰ মংগল সাধন কৰক। বাপতিসাহোন কাতি বিহুটিত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই তাকেই কামনা কৰিছোঁ।‘’