NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ; এগৰাকী জোৱান আঘাতপ্ৰাপ্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 6:01 pm

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল চহৰত চি আৰ পি এফৰ টহলদাৰী গোটৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা গ্ৰেণেড আক্ৰমণত এগৰাকী চি আৰ পি এফৰ জোৱান আঘাতপ্ৰাপ্ত হয়।

ট্ৰাল চহৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত হৈ থকা চি আৰ পি এফৰ দল এটাৰ ওপৰত পূৰ্বৰে পৰা খাপ পিটি থকা সন্ত্ৰাসবাদীৰ দলে এই আক্ৰমণ সংঘটিত কৰে বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰে।

অচিনাক্ত সন্ত্ৰাসবাদীয়ে দিনৰ প্ৰায় ১১.৪৫ বজাত চি আৰ পি এফৰ ১৩৯ পহৰাদাৰী বেটেলিয়নৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰে বুলি সেনাৰ সূত্ৰত প্ৰকাশ পায়।

আনহাতে, এই আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চি আৰ পি এফৰ জোৱান গৰাকীক পুলৱামা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থি বুলি জনিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত মাহতো কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল আৰু উক্ত আক্ৰমণত এগৰাকী চি আৰ পি এফৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

নিৰাপত্তা বাহিনীয়েও কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰু ভালেসংখ্যক সন্ত্ৰাসবাদীক নিহত কৰিবলৈ সক্ষম হৈছিল।