NORTHEAST NOW (Assamese)
অসম

টীয়কত মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ : শীঘ্ৰে মাইক্ৰ’ফাইনেন্স বন্ধ কৰিবলৈ দাবী প্ৰতিবাদকাৰীৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক October 19, 2020 5:23 pm
Screenshot_2020-10-19-16-46-05_1

যোৰহাট জিলাৰ টীয়কত মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে কেবাটাও সংগঠনে l

মাইক্ৰ’ফাইনেন্স বন্ধ কৰক আৰু আমাক ৰক্ষা কৰক নহ’লে আমাক মাৰি পেলাওক শ্ল’গানেৰে সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰ’ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত্য কৰা হয়।

প্ৰতিবাদকাৰীসকলে টীয়কৰ বলমাৰ পৰা ৰাজপথেৰে সমদল কৰি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সোনকালে মাইক্ৰফাইনেন্স বন্ধ কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে বিগত কেইবাবাৰো মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে এই সংগঠনসমূহৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও কোনো সুদুত্তৰ নোপোৱাত আজি পুনৰ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে  মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।

অহা ২৪ অক্টোবৰৰ ভিতৰত যদি চৰকাৰে দাবীসমূহ পুৰণৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰে তেন্তে অনাগত দিনত আৰু জংগী আন্দোলন গঢ় দিয়া হুংকাৰ প্ৰদান কৰে প্ৰতিবাদীসকলে।