NORTHEAST NOW (Assamese)
অসম

অসমত ৬৯৮ নতুন ক’ভিড আক্ৰান্ত, ১৫৩০ আৰোগ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 9:57 pm
336 persons test Covid19 positive in Assam on Saturday

সোমবাৰে অসমত ৬৯৮ গৰাকী লোক নতুনকৈ ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৫৩০গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ২২৩ জন কামৰূপ মেট্ৰৰ।

৩৪,৯৫৮টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ২ শতাংশ। আৰোগ্যৰ হাৰ হৈছে ৮৫.৯৯ শতাংশ।

১,৭৩২১০গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ২৭,৩১৯ (।)

মুঠ ২০১৪০৭ গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইফালে আজিৰ দিনটোত সাতগৰাকী লোকৰ ক’ৰ’নাৰ ফলত প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ৮৭৫জন লোকে হেৰুৱাইছে প্ৰাণ।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা জানিবলৈ দিয়ে।