NORTHEAST NOW (Assamese)
Popular Stories

জন্তুৰ চৰ্বিৰ পাছত এইবাৰ তিৰুপতি মন্দিৰৰ প্ৰসাদত ওলাল ধঁপাত!

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 24, 2024 3:48 pm

প্ৰসাদী লাড়ুত ব্যৱহৃত ঘিউত পশুৰ চৰ্বি মিহলি কৰাৰ অভিযোগৰ মাজতে নতুন বিতৰ্কৰ মাজত তিৰুপতি মন্দিৰ। ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদত ধঁপাতজাতীয় সামগ্ৰী পোৱাৰ অভিযোগ এজন ভক্তৰ। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। য’ত দেখা যায়, প্ৰসাদসমূহৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী আৰু চিগাৰেটৰ ৰেপাৰ আদি অন্তৰ্ভুক্ত। স্বাভাৱিকতে এই ঘটনাক লৈ বিতৰ্ক চৰম হৈ পৰিছে।

অন্ধ্ৰ প্ৰদেশৰ খাম্মাম জিলাৰ বাসিন্দা ডোনাথু পদ্মৱতীয়ে তিৰুপতি মন্দিৰৰ প্ৰসাদত ধঁপাতজাতীয় সামগ্ৰী পোৱাৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত দেখুৱাই তেওঁ দাবী কৰে যে তেওঁ ১৯ ছেপ্টেম্বৰত তিৰুপতি মন্দিৰলৈ গৈছিল। তাৰ পৰাই তেওঁ ঘৰৰ সকলোৰে বাবে প্ৰসাদ লৈ আহিছিল। ঘৰলৈ উভতি আহি প্ৰসাদৰ পেকেটটো খুলিলেই কথাটো লক্ষ্য কৰিলে। তেওঁ কয়, “পৰিয়ালৰ মানুহক প্ৰসাদী লাড়ু দি থাকোঁতে প্ৰসাদৰ লগত মিহলি ধঁপাতজাতীয় সামগ্ৰীৰ পেকেট এটা দেখিলোঁ।এই ঘটনা সঁচাকৈয়ে ভয়ংকৰ। লাখ লাখ মানুহৰ বিশ্বাস থকা তিৰুপতিৰ দৰে মন্দিৰত এনে ঘটনাই হৃদয় বিদাৰক।”

এই ঘটনাত বিতৰ্কই শিখৰত উপনীত হোৱাৰ লগে লগে মন্দিৰ কৰ্তৃপক্ষ তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ মুখ মেলিছে। ছ’চিয়েল মিডিয়াত ৰাউণ্ড কৰি থকা ভিডিঅ’টো ভুৱা। বিষয়টোক লৈ অপ্ৰয়োজনীয়ভাৱে হুলস্থুল কৰাৰ প্ৰয়াস কৰা হৈছে। এই লাড়ু তিৰুমালা লাডু পট্টুত প্ৰসাদৰ বাবে প্ৰস্তুত কৰা হয়। এই লাডুবোৰ শ্ৰীবৈষ্ণৱ ব্ৰাহ্মণে অতি ভক্তিৰে প্ৰস্তুত কৰে। লাডু বনাওঁতে কঠোৰ নিয়ম পালন কৰা হয়। আৰু চিচিটিভি কেমেৰাৰ নিৰীক্ষণত ক’ত এই প্ৰক্ৰিয়া সংঘটিত হয়। এনে অভিযোগৰ কোনো ভিত্তি নাই। ছচিয়েল মিডিয়াত পদ্ধতিগতভাৱে প্ৰচাৰ কৰা হৈছে। এই ঘটনা অতি দুখজনক।

মন কৰিবলগীয়া যে শেহতীয়াকৈ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিল যে ৱাই এছ আৰ কংগ্ৰেছৰ শাসনকালত তিৰুপতি মন্দিৰৰ প্ৰসাদি লাদ্দুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল। মাছৰ তেল ব্যৱহাৰ কৰা হৈছিল। কিন্তু তেওঁ ক্ষমতালৈ অহাৰ পিছত শ্ৰী ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদী লাড়ুবোৰ বিশুদ্ধ ঘিউৰে তৈয়াৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত পৰীক্ষাগাৰৰ পৰীক্ষাত দেখা গ’ল যে তিৰুপতি মন্দিৰৰ প্ৰসাদী লাডুত সঁচাকৈয়ে গৰুৰ চৰ্বি আৰু মাছৰ তেল ব্যৱহাৰ কৰা হৈছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগে সকলো ক্ষুব্ধ হৈ পৰে। এই ঘটনাৰ তদন্তৰ সমান্তৰালকৈ সৰ্বোচ্চ আদালতত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। ইফালে নতুন অভিযোগৰ বাবে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে তিৰুপতিৰ প্ৰসাদে।