NORTHEAST NOW (Assamese)
অসম

চৰকাৰী নীতি নিৰ্দেশনা মানি শিৱসাগৰৰ দেৱীদ’লত অনুষ্ঠিত হ’ব ২৮৭ বছৰীয়া দুৰ্গা পূজা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 20, 2020 4:33 pm
20201020_154444

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীৰ আতংকৰ মাজতে এইবাৰ অনুষ্ঠিত হ’ব শ্ৰী শ্ৰী দুৰ্গা পূজা।

পূজা অনুষ্ঠিত কৰিবলৈ চৰকাৰে অনুমতি দিছে যদিও বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা। চৰকাৰী নীতি নিৰ্দেশনা আৰু কোভিড ১৯ ৰ প্ৰট’কল মানি এইবাৰ অনুষ্ঠিত হ’ব শিৱসাগৰৰ ঐতিহাসিক দেৱীদ’লত ২৮৭ বছৰীয়া দুৰ্গাপূজা।

পূৰ্বৰ দৰে জাকজমকতাৰ পৰিৱৰ্তে কেৱল নীতি নিয়মৰ মাজেৰেহে অনুষ্ঠিত হ’ব এই দুৰ্গা পূজা।

কিন্তু এইবাৰ দেৱীদ’ল বলিশাল উকা হৈ থাকিব। কাৰণ এইবাৰ বলিশালত দিয়া নহ’ব হাঁহ, পাৰ, ছাগলী, কোমোৰাৰ বলি।

ৰাইজে বলি দিবলৈ অনা হাঁহ ছাগলী দেৱীৰ চৰণত উচৰ্গা কৰি ঘূৰাই লৈ যাব পাৰিব।

অৱশ্যে মন্দিৰৰ ভিতৰত পূজাৰ বাবে প্ৰয়োজনীয় ছাগলীৰ বলি দিব বুলি জানিবলৈ দিয়ে দেৱীদ’লৰ মুখ্য পুৰোহিতজনে।

শিৱসাগৰৰ এই ঐতিহাসিক দেৱীদ’লত আহোম যুগৰে পৰা দুৰ্গা পূজা পাতি অহা হৈছে।

কোভিড১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দেৱীদ’লত এবাৰত ৫ৰ পৰা ১০ জন ব্যক্তিক হে একেলগে দেৱী দৰ্শন কৰিবলৈ দিয়া হ’ব।

ক’ৰণা মহামাৰীৰ বাবে যেন এইবাৰ ম্লান পৰিব শাৰদীয় দুগা পূজা।