NORTHEAST NOW (Assamese)
অসম

বেটী বচাও, বেটী পঢ়াও  আঁচনিৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত অসমৰ বক্সাৰ অংকুশিতা বড়ো

Posted by: এন ই নাও নিউজ March 10, 2018 12:19 pm
a-570x320.png

সমাজত কন্যা সন্তানক উপযুক্ত মৰ্যাদা সহকাৰে জীয়াই থকাৰ এখন মঞ্চ দিয়াৰ উদ্দ্যেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা অভিলাসী আঁচনি ‘বেটী বচাও, বেটী পঢ়াও’ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছে অসমৰ যুৱ বক্সাৰ অংকুশিতা বড়ো।

কামৰূপ মহানগৰ জিলাৰ বাবে বক্সাৰ গৰাকীক নিযুক্তি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এটা অনুষ্ঠানত অংকুশিতা বড়োক বেটী বচাও, বেটী পঢ়াওৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগ আৰু অসম ৰাজ্যিক সামাজিক কল্যান পৰিষদৰ যৌথ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি অন্যান্য বিশিষ্ট লোকসকল উপস্থিত থাকে।

স্মৰ্তব্য যে বেটী বচাও, বেটী পঢ়াওৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত অসমৰ বক্সাৰ অংকুশিতা বড়োৱে বিগত বৰ্ষত অনুষ্ঠিত বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

শেহতীয়াভাৱে তেওঁক বেটী বচাও, বেটী পঢ়াওৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্ত কৰাত উৎফুল্লিত হৈছে বক্সাৰ গৰাকীৰ শুভাকাংক্ষী সকল।