NORTHEAST NOW (Assamese)
অসম

টীয়কত বিজেপিৰ পঞ্চায়তে পঞ্চায়তে সাংগঠনিক সভা, নাৰীশক্তিক প্ৰাধান্য দিবলৈ আহ্বান

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক October 22, 2020 6:27 pm
BJP holds panchayat-level organisational meetings in Teok

ৰাজ্যত বিধান সভা নিৰ্বাচন সমাগত। দেশ যদিও মহামাৰীত আক্ৰান্ত তৎসত্তেও চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুছকাৱাজ আৰম্ভ কৰিছে।

শাসনাধিষ্ট বিজেপি দলো ইয়াৰ ব্যতিক্ৰম নহয়। সমগ্ৰ ৰাজ্যতে প্ৰতিদিনেই পঞ্চায়তে পঞ্চায়তে সাংগঠনিক সভা অনুস্থিত কৰি তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা সকলৰ লগত আলোচনাত মিলিত হৈছে।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ১০২নং টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ দুয়োটা মণ্ডলতে ইতিমধ্যে সাংগঠনিক কামকাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলটোৱে।

সমষ্টিটোৰ কলিয়াপানী মণ্ডল বিজেপিৰ অন্তৰ্গত তথা মিত্ৰ দল অগপৰ দুৰ্গ হিচাপে পৰিচিত ভগামুখ পঞ্চায়ত,কংগ্ৰেছৰ দুৰ্গ গাখীৰখোৱা পঞ্চায়ত,পূৱ টীয়ক,মধ্য টীয়ক গাঁও পঞ্চায়ত এলেকাত বিগত দুটা দিনত সাংগঠনিক সভা তথা যোগদান সভা অনুস্থিত কৰি বিজেপি দলৰ তৃণমূল শক্তি প্ৰদৰ্শন কৰিছে।

মণ্ডলটোৰ অন্তৰ্গত ১০খন পঞ্চায়তৰ চাৰিখন পঞ্চায়তত এই পৰ্যন্ত প্ৰায় পাঁচ শতাধিক ভোটাৰ বিজেপি দলত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগাদান কৰি দলৰ ভেটি অধিক শক্তিশালী কৰি তুলিছে আৰু অনাগত দিনত আৰু বহু নতুন মুখৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছে।

কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়াৰ নেতৃত্বত আয়োজিত এই সভাসমূহত মণ্ডল প্ৰভাৰী তথা জিলাৰ সম্পাদক দেৱজিত সোণোৱালঅমৰ শইকীয়া, প্ৰাক্তন জিলা সভাপতি জিতু হাজৰিকা, সম্পাদিকা ৰুমী চেতীয়া,মণ্ডলৰ সম্পাদকদ্বয়ৰ লগতে বিষয়ববীয়া উপস্থিত থাকি আগন্তুক দিনত সদস্যসকলৰ লগত দলৰ কৰণীয়ৰ ওপৰত আলোচনা কৰে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ জেষ্ঠ নেতা পালিত কুমাৰ বৰাও কেইবাখনো সভাত উপস্থিত থাকি ২১ নিৰ্বাচনত সৰ্বসন্মতি ক্ৰমে টীয়কৰ প্ৰাৰ্থীত্ব বিজেপি দলক প্ৰদান কৰিবলৈ আহ্বান জনায়।

লগতে সভাসমূহত নাৰীশক্তিৰ আগমনে অনাগত দিনত সাংগঠনিকভাৱে দলটোক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰি এইবাৰ নাৰীক বিশেষ প্ৰাধান্য দিবলৈ দলৰ ৰাজ্যিক মুৰব্বীক আহ্বান জনাইছে সম্পাদিকা ৰুমী চেতীয়াই।