NORTHEAST NOW (Assamese)
অসম

যাত্ৰীৰ বাবে চলাচল কিমান সুৰক্ষিত হ’ব গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুত?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 22, 2020 6:56 pm

শুভাৰম্ভ হোৱাৰ দিনাই এক বিতৰ্কৰ মাজত সোমাই পৰিছে মহানগৰীৰ গণেশগুৰিৰ নতুন উৰণীয়া সেঁতু।

প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৰাধা গোবিন্দ পথৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতু সংযোগী উৰণীয়া সেঁতুৰ নিৰ্মাণক কেন্দ্ৰ কৰি উত্থাপিত হৈছে কিছু প্ৰশ্ন।

প্ৰশ্ন উঠিছে, যাত্ৰীৰ বাবে চলাচল কিমান সুৰক্ষিত হ’ব গণেশগুৰিৰ নতুন উৰণীয়া সেঁতুত? এই উৰণীয়া সেঁতুৰে যাতায়ত কৰিলে যান-জঁটৰ সমস্যাত জীয়াতু ভুগিবলগীয়া হ’ব নেকি?

ইয়াৰোপৰি অন্য এক প্ৰশ্নও উত্থাপিত হৈছে যে সেঁতুখন নিৰ্মাণত ৰৈ যোৱা কিছু আঁসোৱাহৰ বাবে কেতিয়াবা সংঘটিত হ’ব পাৰে নেকি পথ দুৰ্ঘটনা।

এই একবিংশ শতিকাতো কিছু অভিযন্তাই কি যুক্তিত বা কি ভাবি-চিন্তি এই উৰণীয়া সেঁতুৰ আৰ্হি প্ৰস্তুত কৰিলে বুলি ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে।

দুটা ক্ষেত্ৰত কিছু ভয়াবহতা দেখিবলৈ পোৱা গৈছে এই উৰণীয়া সেঁতুত।

প্ৰথম কথা দলংখন নিৰ্মাণ কৰা হৈছে ওৱান ৱে অৰ্থ্যাৎ এটা দিশৰ পৰা বাহন চলাচল কৰিব পৰা আৰ্হিত।

কিন্তু সেই উৰণীয়া সেঁতুখনৰে প্ৰায় আধা অংশৰ পৰা হৈ পৰিছে টু-ৱে। ভালদৰে লক্ষ্য কৰিলে দেখা পাব দলংখনৰ পৰিসৰটো ঠেক।

তাৰোপৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ পৰা ফাটি অহা এক অংশৰে ৰাধাগোবিন্দ পথ অথবা জু-ৰোডলৈকে যাবলৈ উক্ত উৰণীয়া সেঁতুলৈকে সংলগ্ন কৰা হৈছে।

তেনে পৰিপ্ৰেক্ষিতত দলংখনৰ পৰিসৰটো কিছু বহল হ’ব লাগিছিল অথবা ডিভাইডাৰৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু সামান্য কেইটামান প্লাষ্টিকৰ খুটি পুতিয়েই দায়িত্ব সামৰিছে লোকনিৰ্মাণ বিভাগৰ অভিযন্তাই।

যাৰ ফলত টাৰ্ণিং লোৱা বাহন আৰু RGB ৰোডৰ ফালৰ পৰা অহা বাহনৰ মাজত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ইয়াৰোপৰি, দুয়োখন সেঁতুৰ সংযোগী মোহনা অঞ্চলৰ নিৰ্মাণত কিছু বিসংগতি ৰৈ যোৱাৰ বাবে কলাগুৰু বিষ্ণপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰে আহি থকা বাহন আৰু নতুন উৰণীয়া সেঁতুৰে অহা বাহনৰ একেলগে চলাচলত নিশ্চয়কৈ বাধাৰ সৃষ্টি হ’ব।

হয়তো এটা দিশৰে আহি থকা বাহন ৰখাই আনটো ফালৰ পৰা অহা বাহন পাৰ হ’বলৈ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব। অন্যথা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

যদি এই দুই প্ৰধান সমস্যাৰ পৰা যাত্ৰীসকলক চৰকাৰে সুৰক্ষিত কৰিব বিচাৰে তেন্তে নিশ্চয়কৈ সেঁতুখনত থকা আঁসোৱাহসমূহ অতি সোনকালে দূৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।