NORTHEAST NOW (Assamese)
অসম

বিহাৰক লালু যাদৱে দিছে দুজন ধ্বংসকাৰী পুত্ৰ : বিজেপি নেতা ৰঘুবৰ দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 1:56 pm

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰকাৰ্য তীব্ৰতৰ কৰি তুলিছে।

প্ৰতিটো দলৰে শীৰ্ষ নেতাসকলে ভিন ভিন সমষ্টিত নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে।

অলপতে আৰ জে ডি নেতা তেজস্বী যাদৱে সম্বোধন কৰা এখন সভাত অজস্ৰ লোকৰ সমাহাৰ ঘটিছিল। ইয়াকে লৈ এতিয়া বিজেপিৰ জ্যেষ্ঠ নেতা তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ৰঘুবৰ দাসে লালু পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

তেজস্বীৰ সভাত মানুহৰ ভিৰ দেখি মনে মনে সন্ত্ৰস্ত হোৱা বিজেপি নেতাগৰাকীয়ে কয় যে সভাত হোৱা ভিৰ মানে নিৰ্বাচনত জয়ী হোৱাটো নুবুজায়।

তেওঁ কয়, ‘যেতিয়া জিলা অধ্যক্ষ আছিলো তেতিয়া গান্ধী ফিল্ডত অটল বিহাৰী বাজপেয়ীয়ে এখন সভা সম্বোধন কৰিছিল আৰু সেই সভাখনত মানুহেৰে গান্ধী ফিল্ড নধৰা হৈ পৰিছিল’।

ৰঘুবৰ দাসে লালুৰ পৰিয়ালক আক্ৰমণৰ মূল লক্ষ্য কৰি লৈ কয়, ‘লালু যাদৱে বিহাৰক দুটা ধ্বংসকাৰী পুত্ৰ দিছে আৰু তেওঁৰ কাৰ্যকালত কেৱল মাত্ৰ লুট, ডকাইতি, ভ্ৰষ্টাচাৰ হৈছে’।

আনহাতে তেওঁ নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ চৰকাৰে বিহাৰত দ্ৰুত গতিত উন্নয়ন আৰু বিকাশৰ কাম কৰিছে আৰু পুনৰ এবাৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।