NORTHEAST NOW (Assamese)
অসম

পূজাৰ বতৰত সাৱধান! মহানগৰীৰ বজাৰ ভৰি পৰিছে জাল নোটেৰে; চাৰিজনক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 25, 2020 11:46 am
Fake note

পূজাৰ সময়ত মহানগৰীত বজাৰ-সমাৰ কৰোঁতে সাৱধান হওক আপুনি। আচল নোট বুলি আপোনাৰ হাতলৈ আহিব পাৰে নকল নোট।

কিয়নো মহানগৰীত সক্ৰিয় হৈ উঠিছে বৃহৎ জাল নোট ব্যৱসায়ী চক্ৰ।

কালি নিশা পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলি আহমেদ ৰোডৰ মিলন পথত ক্ৰাইম ব্ৰাঞ্চে অতৰ্কিতে অভিযান চলায়।

অভিযান কালত পাঞ্জাবাৰীত লাখ লাখ টকাৰ জাল নোট জব্দ কৰা হয়।

লগতে এই অভিযানত মহানগৰীত জালনোট প্ৰস্তুতকাৰী চক্ৰ উৎখাত কৰে আৰক্ষীৰ অপৰাধ শাখাই।

ক্ৰাইম ব্ৰাঞ্চৰ এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় নজৰুল হাছান, আফজালুৰ ৰহমান, নিজামুদ্দিন আৰু হামিড আলী নামৰ ৪ জন লোকক।

এই অভিযানত জব্দ ১০ লাখতকৈও অধিক জাল নোট জব্দ কৰা হয়। লগতে এটা জাল নোট ছপা কৰা মেচিন, বাইক আৰু কেইবাটাও মোবাইল ফোনো জব্দ কৰা হয়।

অপৰাধ শাখাৰ মতে সমগ্ৰ উত্তৰ পূবতে জাল নোটৰ বেহা চলাইছিল চক্ৰটোৱে।

এটা ভাড়া ঘৰত থাকি দীৰ্ঘদিন ধৰি চলাই আহিছিল এই বেহা।