NORTHEAST NOW (Assamese)
অসম

আফগানিস্তানৰ শিক্ষা প্ৰতিষ্ঠানত আইছিছ সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণ, নিহত ৩০ শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2020 3:43 pm
a kabul

সন্ত্ৰাস বিধ্বস্ত দেশ আফগানিস্তানৰ এখন শৈক্ষিক প্ৰতিষ্ঠানত আইছিছ সন্ত্ৰাসবাদীয়ে শনিবাৰে ভয়ংকৰ আক্ৰমণ চলোৱাৰ বাতৰি পোৱা গৈছে।

কাবুলৰ পশ্চিম প্ৰান্তত থকা দাছাত-ই-বাৰচি অঞ্চলৰ কাওছাৰ –ই-দানিছ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনত ছাত্ৰ-ছাত্ৰীয়ে গিজগিজাই থকাৰ সময়তে এজন সন্ত্ৰাসবাদীয়ে প্ৰতিষ্ঠান খনত প্ৰৱেশৰ চেষ্টা চলায়।

নিৰাপত্তাৰক্ষীয়ে লোক জনক বাধা দিবলৈ চেষ্টা চলোৱাৰ সময়তে লোকজনে লগত কঢ়িয়াই নিয়া এটা শক্তিশালী বোমাৰ বিস্ফোৰণ ঘটায়।

ফলত ঠাইতে নিহত হয় ১২ গৰাকী শিক্ষাৰ্থী। চিকিৎসালয়লৈ নিয়াৰ পথত আৰু ১৮ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু ঘটে।

গুৰুতৰ ভাবে আহতসকলক কাবুলৰ জিন্না চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আহত বহু কেইজনৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আত্মঘাতী আক্ৰমণৰ ঘটনাটোৰ দায়িত্ব আইছিছে স্বীকাৰ কৰিছে।

উল্লেখ্য শেহতীয়াকৈ আফগানিস্তানত আইছিছ সন্ত্ৰাসবাদীয়ে ঘাটি মজবুত কৰিবলৈ সক্ষম হৈছে।

দেশ খনৰ পৰা মাৰ্কিন সেনা আঁতৰি যোৱাৰ পিছতে তাত তালিবান আৰু আইছিছে পূৰ্বতকৈয়ো অধিক শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে।

দেশ খনৰ সেনাই কিছুদিন পূৰ্বে অভিযান চলাই বহু কেইজন তালিবান আৰু আইছিছ সন্ত্ৰাসবাদীক হত্যা কৰিছিল।