NORTHEAST NOW (Assamese)
অসম

পুনৰ কৰ’নাৰ সংক্ৰমণত অস্থিৰ স্পেইন; জৰুৰী অৱস্থা ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 9:57 am
spain, corona

কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পাছত স্পেইন চৰকাৰে দেশখনত ছয় মাহৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিছে।

অহা ২০২১চনৰ মে’ মাহলৈকে এই লকডাউনৰ জৰুৰী অৱস্থা বাহাল ৰখাৰ সিদ্ধান্তৰ কথা জনাইছে দেশখনৰ পেড্ৰ’ ছানছেজ চৰকাৰে।

দেওবাৰে মন্ত্ৰী পৰিষদৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছতে টেলিভিশ্বনত দিয়া এক ভাষণত এই সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে।

স্পেইনত কৰ’নাৰ দ্বিতীয় ৱেভ আৰম্ভ হৈ গৈছে। য়ুৰোপীয় দেশ হিচাপে যোৱা বুধবাৰে দেশখনত কৰ’না আক্ৰান্তৰ সংখ্যা ১০ লাখ অতিক্ৰম কৰিছে।

ইয়াৰ পাছতেই দেশখনত চৰকাৰৰ ফালৰ পৰা জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰা হয়।

স্পেইনৰ প্ৰধান মন্ত্ৰীয়ে জানিবলৈ দিয়া মতে দেশখনত জৰুৰী অৱস্থাৰ লগতে কাৰ্ফিউও জাৰি কৰা হৈছে।

চৰকাৰখনৰ এই নিষেধাজ্ঞাৰ পৰা অব্যাহতি দিয়া হৈছে দেশখনৰ একমাত্ৰ আইলেণ্ড কানাৰিক।

বৰ্তমান দেশখনত সৃষ্টি হোৱা অভূতপূৰ্ব  পৰিস্থিতিৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে।