NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক ডঃ কাৰাম ইবুঙহল সিংহৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্রকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 7:38 pm
NPIC-2018729143740

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক ড‘ কাৰাম ইবুঙহল সিংহৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক শোকবাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত ডঃ সিংহই আমাৰ শিক্ষা, সাহিত্য, সাংবাদিকতাৰ জগতলৈ যি অনন্য অৰিহণা আগবঢ়াই গ’ল সেয়া সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতি হৈ থকাৰ লগতে অসম সাহিত্যৰ সভাৰ এজন হিতৈষী সদস্য হিচাপে আমাৰ সাহিত্য জগতলৈ তেখেতে যথেষ্ট অৱদান আগবঢ়াই গৈছে।

কেইবাখনো গ্ৰন্থৰ লিখক এইগৰাকী সাহিত্যিকে শৈক্ষিক দিশৰ উত্তৰণৰ বাবেও যথেষ্ট অৰিহণা যোগাই গৈছে।

এগৰাকী সাংবাদিক হিচাপেও তেখেতে সংবাদ জগতলৈ অৰিহণা যোগাই গৈছে। বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ সৈতে জড়িত থাকি সেই অনুষ্ঠানসমূহৰ উত্তৰণৰ বাবেও তেখেতে অৰিহণা আগবঢ়াই গৈছে।

এইগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিকৰ বিয়োগ আমাৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্তৰীয়ে প্রয়াত ডঃ কাৰাম ইবুঙহল সিংহৰ বিদেহ আত্মাৰ চিৰশাস্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।