NORTHEAST NOW (Assamese)
অসম

অৱশেষত JEE কেলেংকাৰিৰ মূল খলনায়ক ভাৰ্গৱ ডেকা আৰক্ষীৰ জালত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 1, 2020 9:39 pm
index.jpgaaaaaa

SG-285নম্বৰ স্পাইজেট বিমান যোগে বেংককৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে খবৰ পাই গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে আৰক্ষীৰ এটা দলে বিমান বন্দৰতে গ্ৰেপ্তাৰ কৰে ভাৰ্গৱ ডেকাক।

JEE কেলেংকাৰিত নাম সাঙোৰ খোৱাৰ পাছতে গ্লৱেল এডু লাইটৰ স্বতাধিকাৰী ভাৰ্গৱ ডেকা আছিল পলাতক আছিল।

উল্লেখযোগ্য যে, মিত্ৰদেৱ মহন্ত নামৰ লোক এজনৰ গোচৰৰ ভিত্তিতে মুঠ ৫জন লোকক আজাৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ ভিতৰত আছিল ডাউন টাউন হস্পিতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জ্যোতিৰ্ময় দাস, তেওঁৰ পুত্ৰ নীল নক্ষত্ৰ দাস, হেমন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু তিৰুকমল পাঠক।

ডাঃ জ্যোতিৰ্ময় দাসে পুত্ৰৰ সলনি JEE প্ৰেৱশৰ মেইন পৰীক্ষাত ধনৰ বিনিময়ত আন লোকক পৰীক্ষাত বহিবলৈ দিছিল।

জানিব পৰা মতে এই পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছিল নীল নক্ষত্ৰ দাসে।

নীলৰ এজন বন্ধুৰ আগত টেলিফোনযোগে সেই কথা স্বীকাৰ কৰিছিল আৰু ভাইৰেল হৈ পৰিছিল সেই টেলিফোনিক বাৰ্তালাপ।

উল্লেখযোগ্য যে, ৫ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হৈছিল JEEৰ কাউন্সিলিঙৰ পৰীক্ষা।