NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নিৰ্বাচনত মুখথেকেচা: নাগালেণ্ড কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগ

Posted by: এন ই নিউজ নাও March 11, 2018 12:11 pm
K-Therie.jpg

সদ্যসমাপ্ত ১৩ সংখ্যক নাগালেণ্ড বিধানসভা নিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী কে থেৰিইয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি হাইকমাণ্ডক পদত্যাগ পত্ৰ দাখিল কৰিছে।

অৱশ্যে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা থেৰিইৰ পদত্যাগক অস্বীকাৰ কৰা হৈছে। উল্লেখ্য যে থেৰিইয়ে নিজেই সংবাদ মাধ্যমৰ আগত  পদত্যাগৰ কথা স্বীকাৰ কৰাৰ পছতো নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে উক্ত বাতৰিক অস্বীকাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

স্মৰ্তব্য যে বৰ্ষীয়ান কংগ্ৰছী কে থেৰিইয়ে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি লগতে এইবুলিও প্ৰকাশ কৰিছে যে তেওঁ এটা ধৰ্মনিৰপেক্ষ দলৰ সন্ধানত আছে যদিও বৰ্তমান সেয়া এক অলীক স্বপ্নৰ দৰে হৈ পৰিছে। আনহাতে তেওঁৰ পদত্যাগ চূড়ান্ত বুলি প্ৰকাশ কৰি কে থেৰিইয়ে কয় যে কোনো কাৰণতে তেওঁ নিজৰ সিদ্ধান্ত সলনি নকৰে।

উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ মুৰব্বী এছএল জমিৰে শাৰীৰিক অসুস্থতাৰ হেতু পদত্যাগ কৰাৰ পাছত ২০১৫ৰ মে’ত নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল কে থেৰিইয়ে।

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱা দেশৰ শতিকাপ্ৰাচীন দলটোৱে কে থেৰিইৰ পদত্যাগৰ পাছত কিদৰে ৰাজ্যখনত পুনৰ স্থিতি শক্তিশালী কৰে সেয়া লক্ষণীয় হ’ব।