NORTHEAST NOW (Assamese)
অসম

ৱেলছ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ব অভিনেতা ৰাজদীপ চৌধুৰী

Posted by: এনই নাও নিউজ March 11, 2018 2:31 pm
Rajdeep

অসমৰ বৰাক উপত্যকাৰ শিলচৰ জিলাৰ অভিনেতা ৰাজদীপ চৌধুৰী হ’ব ৱেলছ পৰ্যটনৰ নতুন মুখ। শেহতীয়াভাৱে সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে স্বয়ং অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে ৰাজদীপ চৌধুৰীয়ে শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা আৰবাজ খানৰ ছবি ‘জেক এণ্ড ডিল’ৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছে।

আনহাতে অসমৰ বিভিন্ন মনোমোহা লোকচনত চিত্ৰগ্ৰহণ হ’বলগীয়া ‘নংগে প্যেৰ’ নামৰ এখন বলিউডৰ চলচ্চিত্ৰখনত নায়কৰ ভূমিকাত অৱতীৰ্ণ হ’ব ৰাজদীপ।

লণ্ডন য়ুকে ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনে ২০১৯ চনত ছবিবৃহলৈ আহিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে সাক্ষাৎকাৰটোত অভিনেতা গৰাকীয়ে অসমৰ পৰ্যটন বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

টেনিছৰ প্ৰতি অনুৰক্ত ৰাজদীপ চৌধুৰী হৈছে ছুইছ তাৰকা ৰ’জাৰ ফেডেৰাৰৰ একান্ত অনুৰাগী। এইগৰাকী অসম সন্তানৰ কৃতিত্বৰ শলাগ লৈ ৰাজ্যবাসীয়ে তেওঁলৈ জ্ঞাপন কৰিছে অভিনন্দন।