NORTHEAST NOW (Assamese)
Popular Stories

উত্তেজনা হ্ৰাসৰ বাবে অসম-মিজোৰাম সীমান্তত নিয়োগ কৰা হ’ব কেন্দ্ৰীয় বাহিনী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 10:04 am

অসম আৰু মিজোৰামৰ মাজত চলি থকা উত্তেজনা হ্ৰাস কৰাৰ উদ্দ্যেশ্যে অতি শীঘ্ৰে সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব বুলি অসমৰ নৱ নিযুক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে কয়।

যোৱা মাহৰ পৰাই ১৬৪ কিলোমিটাৰ সীমাৰ কাষৰ অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈ আছে।

হিংসাৰ ফলত দুয়োখন ৰাজ্যৰ মাজত সম্পৰ্কই ফাট মেলাৰ উপৰি এই ঘটনাত যথেষ্ট পৰিমানে দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীও আঘাতপ্ৰাপ্ত হৈছিল।

অভিযোগ অনুসৰি, মিজোৰামৰ সুৰক্ষা বাহিনীয়ে অসমৰ ভূমি দখল কৰিছে আৰু সেয়া মিজোৰামে নিজৰ বুলি দাবী কৰে। ইয়াৰ পিছতে দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হয় হিংসাত্মক কাৰ্যকলাপ।

অসম চৰকাৰৰ মুখ্য সচিব বৰুৱাই কয়, ‘ভাৰত চৰকাৰে ইংগিত দিছে যে কেন্দ্ৰীয় সুৰক্ষা বাহিনী উপলব্ধ কৰা হ’ব… মই ভাবো দুয়োপক্ষতে শান্তি ঘূৰি আহিব’।

উল্লেখ্য যে অসম আৰু মিজোৰামৰ লোকৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হৈছিল য’ত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল। যাৰ পিছত দুয়োখন ৰাজ্যৰ সীমাত উত্তেজনা বৃদ্ধি পাইছে।

হিংসাৰ সময়ত ঘৰ আৰু দোকান জ্বলাই দিয়া হৈছিল। অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমগ্ৰ বিষয়টো দেওবাৰে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক অৱগত কৰিছিল।

জানিব পৰা মতে দুয়োখন ৰাজ্যৰ সীমান্তত বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থাত আছে। হিংসা প্ৰভাৱিত অঞ্চলটোত আছে মিজোৰামৰ বৈৰাংটে গাঁও আৰু অসমৰ লানপুৰ।

এই বিষয়টো সমাধানৰ বাবে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাৰ সভাপতিত্বত দুয়োখন ৰাজ্যৰ সৈতে সোমবাৰে এখন সভা অনুষ্ঠিত হ’ব। এই বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্য সচিব উপস্থিত থাকিব।

মুখ্য মন্ত্ৰী সোণোৱালে মিজোৰামৰ মুখ্য মন্ত্ৰীৰ সৈতে ফোনত কথা পাতিছিল আৰু বিষয়টোৰ এক সৌহাৰ্দ্যমূলক সমাধানৰ ওপৰত গুৰুত্ব দিয়ে।

এই সন্দৰ্ভত মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই সোণোৱালক শান্তি ঘূৰাই অনাৰ আশ্বাস দিয়ে।