NORTHEAST NOW (Assamese)
Popular Stories

‘মোৰ জীৱনলৈ ভাবুকি আহিছে, অনুগ্ৰহ কৰি আদালতক জনাওক’ : অৰ্ণৱ গোস্বামীৰ বিননি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2020 2:42 pm
Arnab-Goswami-1-750x375

আত্মহত্যাৰ বাবে পৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বৰণ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জীৱনলৈ সংশয় আহিছে।

এই অভিযোগ কৰিছে কাৰাৰুদ্ধ সাংবাদিক গৰাকীয়ে।

উল্লেখ্য যে গোস্বামীক আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছিল যদিও আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈহে প্ৰেৰণ কৰে।

আৰক্ষীয়ে নিজৰ জিম্মাত নোপোৱাৰ বাবেই আৰক্ষীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিযুক্ত সাংবাদিক গৰাকীয়ে।

“মই ভাৰতৰ জনতাক জনাব খুজিছো যে মোৰ জীৱনলৈ ভাবুকি আহিছে। তেওঁলোকে কয় যে অধিবক্তাৰ সৈতে কথা পাতিব নোৱাৰিব। মোক অত্যাচাৰ কৰা হৈছে। মোৰ আৰক্ষী জিম্মাৰ আবেদন আদালতে খাৰিজ কৰিলে। তেওঁলোকে মোক মুকলি হৈ অহাটো বিচৰা নাই। আজি পুৱাও মোক চুঁচৰাই আনিছে।” ৰিপাব্লিক টিভিয়ে সম্প্ৰচাৰ কৰা বাতৰিত অৰ্ণৱ গোস্বামীয়ে এইদৰে কোৱা দেখা যায়।

উল্লেখ্য দেওবাৰে অৰ্ণৱ গোস্বামীক আলিবাগৰ পৰা তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

এখন আৰক্ষীৰ বাহনত তাল’জা কাৰাগাৰলৈ নি থকাৰ সময়তে খিৰিকীৰেদি অৰ্ণৱ গোস্বামীয়ে চিঞৰি চিঞৰি এইদৰে কোৱা দেখা যায়।

উল্লেখ্য যে, যোৱা বুধবাৰে আলিবাগ সত্ৰ আদালতে অৰ্ণৱ গোস্বামীৰ জামিন আবেদন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

ইফালে শনিবাৰে বোম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি অহা ৯ নৱেম্বৰলৈকে স্থগিত নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে বিতৰ্কিত সাংবাদিক গৰাকীক আলিবাগৰ পৰা তাল’জা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

ইফালে সাংবাদিক গৰাকীয়ে চিঞৰি চিঞৰি উচ্চতম ন্যায়ালয়ক তেওঁৰ জামিন মঞ্জুৰ কৰিবলৈও আবেদন কৰা দেখা যায়।