NORTHEAST NOW (Assamese)
Popular Stories

জঘন্য কাণ্ড : পিতৃৰ বন্ধুৱে ধৰ্ষণ কৰিলে এগৰাকী ১১ বছৰীয়া কিশোৰীক; অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 12:25 pm
1624924-rape-1517584646

পিতৃৰ এজন বন্ধুৱে এগৰাকী ১১ কিশোৰীক ধৰ্ষণ কৰাৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীৰ বিজয় বিহাৰ অঞ্চলত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে দুপৰীয়া কিশোৰী গৰাকীক পিতৃৰ এজন বন্ধু তথা ৪২ বছৰীয়া লোকে ধৰ্ষণ কৰে।

এগৰাকী মহিলাই লোকজনে কিশোৰী গৰাকীৰ ওপৰত যৌন নিগ্ৰহ চলাই থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে আৰু লোকজন ততালিকে সেই ঠাইৰ পৰা পলায়ন কৰে।

পিছত দিল্লী আৰক্ষীয়ে অভিযান চলাই কিশোৰী গৰাকীৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত লোক গৰাকীক দিল্লীৰ বাহিৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

“আমি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰিছো। অভিযুক্তজন কিশোৰী গৰাকীৰ পিতৃৰ এজন বন্ধু।” ৰোহিনীৰ আৰক্ষী উপ আয়ুক্ত প্ৰমোদ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰী গৰাকী কণিষ্ঠ ভাতৃসহ পিতৃ-মাতৃৰ সৈতে বিজয় বিহাৰ অঞ্চলত বাস কৰে। কিশোৰী গৰাকীৰ পিতৃ এগৰাকী ৰাজমিস্ত্ৰী আৰু মাতৃ গৃহিণী।

ঘটনাৰ দিনা অৰ্থাৎ শনিবাৰে কিশোৰী গৰাকীৰ মাতৃয়ে কামৰ বাবে গাঁৱলৈ গৈছিল। পিতৃয়ে দুই সন্তানক ঘৰত থৈ কামলৈ ওলাই গৈছিল।

প্ৰায় দিনৰ ১ মান বজাত পিতৃৰ বন্ধু গৰাকীয়ে আহি কিশোৰ গৰাকীৰ ভাতৃয়ে সুই থকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰে।

“ইতিমধ্যে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই কাউন্সিলিং কৰি থকা হৈছে।” ডিচিপি মিশ্ৰই কয়।