NORTHEAST NOW (Assamese)
অসম

দেহ ব্যৱসায় চক্ৰ চলোৱাৰ অপৰাধত যোৰহাটত গ্ৰেপ্তাৰ হ’ল ৰিজ’ৰ্টৰ স্বত্ত্বাধিকাৰী

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য November 10, 2020 6:59 am
Sex-racket-750x375

সোমবাৰে আৰক্ষীয়ে দেহ ব্যৱসায় চক্ৰ এটা চলাই থকাৰ অভিযোগত যোৰহাটৰ নিমাতী ৰোডৰ পৰা ৰিজ’ৰ্টৰ স্বত্ত্বাধিকাৰীক এগৰাকী গ্ৰেপ্তাৰ কৰে।

দেৰগাঁও অঞ্চচলৰ এগৰাকী বাসিন্দা ৰিজ’ৰ্টৰ স্বত্ত্বাধিকাৰী অমৰজ্যোতি বৰাক অনৈতিক কাৰ্যকলাপ (প্ৰতিৰোধ) আইন,১৯৫৬ৰ ৪/৫/৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে কয় যে তেওঁলোকে যোৱা ২৬ অক্টোবৰত ৰিজ’ৰ্টখনত তালাচী চলাইছিল আৰু অনৈতিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এহাল পুৰুষ-মহিলাক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে লগতে কয় যে তেওঁলোকে যেতিয়া তালাচীৰ চলাইছিল বৰাই আৰক্ষীৰ দলটোক প্ৰৱেশত বাধা দিছিল যাৰ বাবে এনেকুৱা কেইবাগৰাকীও পুৰুষ-মহিলা যুটী পলাই যাবলৈ সক্ষম হৈছিল।

বৰায়ো পৰিস্থিতিৰ সুযোগ বুজি পলাই গৈছিল।

আৰক্ষীয়ে যোৱা নিশা বৰাৰ মোবাইল ফোন  ট্ৰ্যাক কৰি তেওঁৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

‘’বিগত কেইমাহ ধৰি আমি ৰিজ’ৰ্টখনত অনৈতিক কাৰ্যকলাপ চলি থকা সম্পৰ্কত অভিযোগ পাই আহিছিলো আৰু এই তথ্যৰ ভিত্তিতে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছো,’’-আৰক্ষীয়ে কয়।