NORTHEAST NOW (Assamese)
Popular Stories

জন্মদিনত তেজস্বীক আশীৰ্বাদ দি লালুৱে ক’লে, ‘বিহাৰৰ জনতাই দিব জন্মদিনৰ উপহাৰ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 9:36 am

আজি বিহাৰৰ জনতাই তেজস্বী যাদৱক জন্মদিনৰ উপহাৰ প্ৰদান কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰ জে ডি প্ৰধান লালু যাদৱে।

সোমবাৰে তেজস্বী যাদৱৰ ৩১ তম জন্মদিন আছিল। আৰু জানিব পৰা মতে, তেজস্বীয়ে নিজৰ এই বিশেষ দিনটোত পিতৃৰ আশীৰ্বাদ বিচাৰি ফোন কৰোঁতে লালু যাদৱে তেওঁক কৈছিল যে যেতিয়া নিৰ্বাচনৰ ফলাফল আহিব তেতিয়া বিহাৰৰ লোকসকলে মঙলবাৰে তেওঁক উপহাৰ দিব।

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে। প্ৰায় সকলো এগজিট প’লে এই নিৰ্বাচনত তেজস্বী যাদৱৰ নেতৃত্বত মহাজোঁট বন্ধনে বিশাল বিজয় সাব্যস্ত কৰিব বুলি ভৱিষ্যতবাণী কৰিছে।

এই নিৰ্বাচনত তেজস্বী য়াদৱ হৈছে মহাজোঁট বন্ধনৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী।

লালু যাদৱৰ পৰিয়ালৰ এক সূত্ৰই জনোৱা মতে, তেজস্বী যাদৱে নিজৰ জন্মদিন উপলক্ষে সোমবাৰে পিতৃৰ আশীৰ্বাদ বিচাৰি ফোনযোগে যোগাযোগ কৰিছিল।

ফোনত লালুৱে কনিষ্ঠ পুত্ৰ তেজস্বীক কয়, ‘উপহাৰ অহা কালি বিহাৰৰ জনসাধাৰণে প্ৰদান কৰিব। ‘

চাৰা কেলেংকাৰিৰ শাস্তি অতিবাহিত কৰি থকা লালু বৰ্তমান ৰাঁচিৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত বিভিন্ন ৰোগৰ বাবে চিকিৎসা কৰি আছে।

এতিয়া অহা ২৭ নৱেম্বৰত হ’ব লগীয়া শুনানিৰ পিছতহে জানিব পৰা যাব যে লালু প্ৰসাদ যাদৱে জামিন লাভ কৰিব নে নাই।