NORTHEAST NOW (Assamese)
অসম

গৰাখহনীয়াত স্থানান্তৰিত পৰিয়ালক সংস্থাপনৰ দাবীত ঘেৰাও কৰিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 11, 2020 2:15 pm

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখবাসী ৰাইজৰ উদ্যোগত আৰু একতা পৰিষদৰ সহযোগত বৃহত্তৰ জাঁজীমুখৰ বান গৰাখহনীয়াত স্থানান্তৰিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত এখ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

আজি টীয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত হোৱা ধৰ্ণা কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলা হয় পৰিবেশ।

উল্লেখযোগ্য যে ১৯৮৩ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ৫০০ পৰিয়াল আঠবাৰকৈ উচ্ছেদিত হৈ মাথাউৰিত বসবাস কৰিব লগীয়া হৈছে।

পৰিয়ালসমূহে বাৰম্বাৰ এই সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে যদিও দৰাচলতে অসম চৰকাৰে আজিও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

সেয়ে এইবাৰ ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে দুৰ্ভগীয়া পৰিয়াল সমূহক স্থায়ীভাৱে সংস্থাপন প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে এই সন্দৰ্ভত এখনি স্মাৰক পত্ৰ ৰাজহ চক্ৰৰ বিষয়াক ৰাজহুৱাভাৱে প্ৰদান কৰে।