NORTHEAST NOW (Assamese)
অসম

‘টকা নাই বাবে আমি ডাঙৰ সভা পতা নাই, ঘৰে ঘৰে গৈছো, তথাপি আমি চৰকাৰ বনাম’ : নৱ শৰণীয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 11, 2020 7:43 pm
7c38beb4-09d6-4470-ac33-4c5129f7578b

‘টকা নাই বাবে আমি ডাঙৰ সভা পতা নাই, মানুহৰ ঘৰে ঘৰে গৈছো, তথাপি আমি চৰকাৰ বনাম।‘ দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই দাবী কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

গণ সুৰক্ষা পাৰ্টীয়ে বিটিচিত সংখ্যাগৰিষ্ঠ আসন লৈ পৰিষদ গঠন কৰিব বুলি তেওঁ দাবী কৰে।

তেওঁ আৰু কয় ‘হিমন্ত, হাগ্ৰামাৰ বিশাল বিশাল সভা অনুষ্ঠিত হৈ আছে। হিমন্তৰ এখন সভাৰ নামত ৫০-৬০ লাখ টকা ব্যয় হৈছে। এই টকাৰ হিচাপ কোনে দিব? আমাৰ টকা নাই। আমি সভা কৰিব পৰা নাই।‘

ইপিনে, এইবাৰ বিটিছিত য়ুপিপিএল আৰু বিজেপিৰ মাজত মিত্ৰতা হ’ব বুলি দাবী কৰি শৰণীয়াই লগতে কয় ‘বিজেপি য়ুপিপিএলৰ বুজা বুজি অ’পেন চিক্ৰেট হৈ আছে।‘

ইপিনে, গণ সুৰক্ষা পাৰ্টীয়ে ৩০+ আসন লৈ জয়ী হ’ব বুলি দাবী কৰি শৰণীয়াই লগতে কয় ‘হাগ্ৰামাই ১০ খন আসন লাভ কৰিব পাৰে।‘

ইপিনে, বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ পৰা পদত্যাগ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰণীয়াই কয় ‘বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাত নিৰ্বাচন খেলোতেও কৈছিলোঁ তেওঁ বিজেপিৰ প্ৰাৰ্থী BPF নহয়। বিশ্বজিৎ যে বিজেপিৰ প্ৰতি বেছি ল’য়েল আছিল আমি জানিছিলোঁ। দৈমাৰীক নতুন ইনিংছৰ বাবে শুভেচ্ছা জনাইছোঁ।’